ধুবুৰী, ২২ জুন (হি.স.): ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত আই শাকাতি মন্দিৰৰ সমীপৰ এটা বাঁহৰ কাৰখানাৰ আঁৰত চোৰাংকৈ বাৰ্মিজ সুপাৰি অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে যোৱা কালি শনিবাৰে সন্ধিয়া কণ্টেইনাৰ এখনত অভিযান চলাই বৃহৎ পৰিমাণৰ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কণ্টেইনাৰ খনৰ নম্বৰ আৰ জে ১১ জি ডি ২৮৯৯ বুলি কোৱা হৈছে।
এই অভিযান সঞ্চালনা কৰে সাপটগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি মালাকাৰৰ নেতৃত্বত গঠিত আৰক্ষী দলে। অভিযানত এখন কণ্টেইনাৰ গাড়ী জব্দ কৰা হয়, য’ত ওপৰত বাঁহৰ আঁচল দি তলত লুকুৱাই ৰখা অৱস্থাত ২০৯ টা বস্তাত ভৰ্তি বাৰ্মিজ সুপাৰি উদ্ধাৰ কৰা হয়। প্ৰতিটো বস্তাত প্ৰায় ৭১ কিলোগ্ৰাম ওজনৰ সুপাৰি পায়, উদ্ধাৰ হোৱা মুঠ সুপাৰিৰ ওজন প্ৰায় ১৪,৮৩৯ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। ইয়াৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা।
ঘটনাৰ সম্পৰ্কত জড়িত সন্দেহত আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰে। ধৃতব্যক্তি দুজন ক্ৰমে তাৰিফ খান, পিতা: আয়ুব খান, ৰাজস্থান আৰু ৰাহুল খান, পিতা: আশ্ৰফ খান, হাৰিয়ানা। আৰক্ষীৰ অনুসন্ধানত এই চোৰাং ব্যৱসায়ৰ সৈতে বৃহৎ আন্তঃৰাজ্য দুষ্টচক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। সাপটগ্ৰাম আৰক্ষীয়ে এতিয়া এই বেআইনী কার্যকলাপৰ সৈতে জড়িত অন্যান্য সন্দেহজনক গোটসমূহৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
