
ধুবুৰী, ২৪ ডিচেম্বৰ (হি.স.): পুনৰ ৰাজ্যত ওলাইছে বাংলাদেশী মৌলবাদীৰ সমৰ্থক। বাংলাদেশী মৌলবাদীক সমৰ্থন কৰি যোৱা কালি নিশা ৰঙাঘৰৰ আলহী হ’ল এগৰাকী তথাকথিত ইউটিউবাৰ।
ইউটিউবাৰ জন গৌৰীপুৰৰ বানীয়ামাৰী ষষ্ঠ খণ্ড গাওঁৰ যুৱক বাবুল হুছেইন। গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক জনক।যুৱক জন বাংলাদেশত হিন্দু যুৱক গছত হাত ভৰি বান্ধি জ্বলাই দিয়া ভিডিঅ’ টো সমৰ্থন কৰি নিজৰ ফেচবুক পেজত আপলোড কৰিছিল তথাকথিত ইউটিউবাৰ জনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
