নগাঁও, ১২ আগষ্ট (হি.স.)। নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ দুই সৰবৰাহকাৰী। নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত পোৱা গেৰেকীত অভিযান চলাই ৩৫ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ জব্দ কৰে এখন মটৰ চাইকেল।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীদ্বয় নগাঁৱৰ আনাৰুল হুছেইন আৰু আশ্বিক আলী বুলি পৰিচয় পোৱা গৈছে। সৰবৰাহকাৰীদ্বয়ে ৰূপহীৰ পৰা এএছ ০২ এইউ ৭৮৫৭ নম্বৰৰ মটৰ চাইকেলেৰে নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে ৫২.১৮গ্ৰাম ড্ৰাগছ সহ দুয়োকে আটক কৰে।
সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীদ্বয়ক জেৰা অব্যাহত ৰাখিছে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
