নগাঁও, ১৭ জানুৱাৰী (হি স)। নগাঁৱৰ কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হৈছে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত কঠীয়াতলী আৰক্ষীয়ে চলোৱা অভিযানত ৯২৪ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হয়।
ইয়াৰ লগতে সুৰা সৰবৰাহত ব্যৱহৃত এ এছ ০১ কে চি ৬৬৪৫ নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ উপৰি চালক জনকো আটক কৰে । জব্দকৃত সুৰাখিনি অৰুণাচলৰ পৰা কঠীয়াতলী হৈ হোজাইলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে । বৰ্তমান কঠিয়াতলী আৰক্ষীৰ জিম্মাত ৰখা হৈছে সুৰাখিনি ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
