
ধুবুৰী, ০৭ ছেপ্টেম্বৰ (হি.স.): ধুবুৰীৰ বাছ ষ্টেচনত যোৱাকালি শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ অভিযান চলে । ধুবুৰী সদৰ থানাৰ নগৰ পৰিদৰ্শক মাওঁতি বসুমাতাৰীৰ নেতৃত্বত চলে এই অভিযান।
অভিযানত বিক্ৰী কৰিবলৈ অনা নিচাযুক্ত দ্ৰৱ্য সহ এজন লোকক আটক কৰা হয়। আটক হোৱা ব্যক্তি জনৰ নাম জীয়াউল হক বুলি জানিব পৰা গৈছে।ঘৰ ধুবুৰীৰ ঝগৰাৰ পাৰ প্ৰথম খণ্ডত। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বৃহৎ পৰিমানৰ নাইট্ৰছান টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
