
নগাঁও, ১৬ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ধিঙৰ ধূপগুৰিত ধিং আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত চাইবাৰ অপৰাধী। যোৱা কালি বুধবাৰে নিশা ধৰা পৰে এই চাইবাৰ অপৰাধীটো। ধৃত চাইবাৰ অপৰাধীটোৰ নাম ৰকিবুল ইছলাম। ধৃত লোকজনৰ ঘৰ কদমনি পথাৰ গাঁৱত ।
ধৃত চাইবাৰ অপৰাধী ৰকিবুল ইছলামে ভূৱা নথি পত্ৰৰে লাখ লাখ টকাৰ লুণ্ঠন চলোৱাৰ অভিযোগত আটক কৰে ধিং আৰক্ষীয়ে । আৰক্ষীয়ে অভিযানত বিভিন্ন নথি পত্ৰও জব্দ কৰে । অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত চাইবাৰ অপৰাধীটোক।
চাইবাৰ অপৰাধ সমাজৰ বাবে এক মাৰাত্মক ব্যাধিৰ দৰে হৈ পৰিছে। চাইবাৰ অপৰাধীয়ে চৌদিশে মেলিছে ভয়ংকৰ জাল। ভয়ানক হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। এটা বছৰত দেশবাসীৰ পৰা কেইবা হাজাৰ কোটি টকা লুটি নিছে এই অপৰাধী চক্ৰই। উল্লেখ্য যে, চাইবাৰ অপৰাধৰ বলি হৈ ধন হেৰোৱাসকলকো ৰাষ্ট্ৰীয় হেল্পলাইন (১৯৩০)ৰ জৰিয়তে এতিয়ালৈ প্ৰায় ২০ কোটি টকা ওভতাই দিয়া হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
