
দৰং, ০৯ ডিচেম্বৰ (হি.স.): দৰঙৰ ধূলাত যোৱা কালি সোমবাৰে বিয়লি ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ কৰা হয় । পাঁচটা টা প্লাষ্টিক কনট্ৰেইনাৰ সহ ৮ গ্ৰাম হেৰ’ইন জব্দ কৰে ধূলা আৰক্ষীয়ে ।
এক গোপন খবৰৰ ভিত্তিত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বৰবাগানত এক অভিযান চলাইছিল । অভিযান কালত বৰবাগান চাৰিআলি পথৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ধূলা আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী জন মঙলদৈ টেঙাবাৰিৰ দিপজ্যোতি সাহা বুলি জানিব পৰা গৈছে । ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা এখন পালচাৰ মটৰ চাইকেলৰ লগতে ৮ গ্ৰাম হেৰ’ইনসহ ৫ টা প্লাষ্টিকৰ কনট্ৰেইনাৰ জব্দ কৰে ধূলা আৰক্ষীয়ে । আনহাতে ড্ৰাগছ সৰবৰাহকাৰী জনৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে ১৩৯/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি আজি মঙ্গলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
