
গোলাঘাট, ২১ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত ড্ৰাগছ সহ দুই যুৱকক আটক কৰা হৈছে । দেৰগাঁও পাচনীবৰা গাঁৱত নিশা ৰাইজে ড্ৰাগছ সহ হাতে-লোটে ধৰে দুই যুৱকক।
পৰৱৰ্তী সময়ত ৰাইজে দুই যুৱকক গটাই দিয়ে দেৰগাঁও আৰক্ষীক। জানিব পৰা মতে দেৰগাঁৱৰ যুৱক দুজনৰ নাম অজয় হৰিজন আৰু ৰাজু ৰোচন।
জানিব পৰামতে, দুই যুৱকে চিৰিঞ্জৰ সহায়ত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে । ক্ষুব্ধ ৰাইজে দুই ড্ৰাগছ আসক্তক আঁঠু কঢ়াই কাণত ধৰাই দিলে শিক্ষা । পৰৱৰ্তী সময়ত দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰি লৈ যায় ।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
