
গোলাঘাট, ১৯ ডিচেম্বৰ (হি.স.): গোলাগাট জিলাৰ দেৰগাঁও দীঘলী চাপৰিত যোৱা কালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ ঘটনা । জুন দাস নামৰ এগৰাকী মহিলাক দা’ৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় এদল লোকে। পথাৰত মাটি মাহ চপাই থকাৰ অৱস্থাত আক্ৰমণ কৰে এদল দুৰ্বৃত্তৰ দলে । কথমপি প্ৰাণ ৰক্ষা পৰে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীৰ।
মাটিত বগৰাই মহিলাগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে । মহিলা গৰাকীৰ সৈতে মাটি মাহ চপাই থকা বাকী মহিলা সকলকো আক্ৰমণৰ চেষ্টা চলাইছিল দলটোৱে । প্ৰসেন দাস, কৃষ্ণ দাস, দীপক দাস, বাবু দাস সহিতে প্ৰায় ৬-৭ জনীয়া এটা দলে আক্ৰমণৰ চেষ্টা চলায় মহিলা সকলক। মাটি-বাৰি সম্পৰ্কীয় খেলিমেলিৰ ফলতেই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। খহনীয়াত সৰ্বস্বান্ত দুৰ্গম অঞ্চলটোৰ ৰাইজে মাটি খিনি মুকলি কৰি লৈছিল খেতি কৰাৰ পৰিকল্পনাৰে । কিন্তু, কৃষ্ণ দাসৰ পৰিয়ালটোৱে মাটি খিনি দখলৰ আশাতেই হত্যাৰ চেষ্টা চলাই মাটি মাহ চপাই থকা মহিলাসকলক। সম্প্ৰতি, উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
