ধুবুৰী, ১৫ ডিছেম্বৰ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ পাগলাহাটত আজি পুৱা আৰক্ষীৰ অভিযানত মাংসসহ দুখন বাহন জব্দ কৰা হৈছে। পাগলাহাট আৰক্ষীৰ অভিযানত পাঁচ জনকৈ ব্যক্তি আটক কৰাৰ লগতে মাংস কঢ়িওৱা দুখনকৈ বাহন জব্দ কৰা হৈছে। জব্দ কৰা বাহন দুখন হৈছে ক্ৰমে এএছ ০১ কিউচি ৫৩৮২ নম্বৰৰ বলেৰো’ পিকাপ ভেন আৰু এএছ ১৭ ই ২৪৮২ নম্বৰৰ হোণ্ডা ইয়োন ।
পশ্চিমবঙ্গৰ পৰা ধুবুৰী অভিমুখে আছিল বাহন দুখন । বাহনৰ পৰা উদ্ধাৰ সাত কুইণ্টেল আপত্তিজনক মাংস । আটক ধৃত ৰাশিদুল হক, আবুবক্কৰ হুছেইন, মফিজুৰ ৰহমান, ছাইফুল হক আৰু নাজমুল হক মণ্ডল । ৰাশিদুল হক, আবুবক্কৰ হুছেইন, পশ্চিমবঙ্গৰ কোচবিহাৰত । মফিজুৰ ৰহমান, ছাইফুল হক আৰু নাজমুল হক মণ্ডল ঘৰ ধুবুৰী জিলাত । আলুৰ বস্তাৰ লগত একেলগে বস্তাত ভৰাই আনিছিল মাংস সমূহ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
