কৰিমগঞ্জ,, ১০ ডিছেম্বৰ (স.হি .): কৰিমগঞ্জ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা ৬৩৭ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰদান কৰে।
এক গোপন সূত্ৰৰ জৰিয়তে কৰিমগঞ্জ আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী তলাচি চকীত এখন বাহনৰ গোপন চেম্বাৰৰ পৰা ৬৩৭ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জাৰ সৈতে ট্ৰাকখন জব্দ কৰা হয়। পৰৱৰ্তী অনুসন্ধান চলি আছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
