ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে যোৱাকালি বুধবাৰে নিশা ড্ৰাগাছ বিৰোধী অভিধান চলায়। গৌৰীপুৰ মলাতি খামাৰ অঞ্চলত অভিযান চলাই ২২ টাকৈ কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আটকাধীন যুৱক জনৰ নাম জামাল উদ্দীন সেখ আৰু তেওঁৰ ঘৰ মলাতি খামাৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে যুৱক জনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
