গোৱালপাৰা, ১১ ডিছেম্বৰ (হি স)। গোৱালপাৰা জিলাৰ কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান চলিছে ৷ এই অভিযানত বহু পৰিমাণৰ শাল-চেগুন গছৰ কুণ্ডা জব্দ কৰে কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগে ৷
আজি পুৱা এক গোপন সূত্ৰৰ পম খেদি কৃষ্ণাই বন বিভাগে চোৰা কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত কৃষ্ণাইৰ নিকটৱৰ্তী দায়ৰং কঠালগুৰীত অবৈধ কাঠফলা কলত বহু পৰিমাণৰ চেগুণ আৰু শাল গছৰ কুণ্ডা জব্দ কৰে ৷ অৱশ্যে কাঠফলা কলৰ কোনো মেচিন জব্দ কৰিবলৈ সক্ষম নহ’ল বন বিভাগে ৷
ইফালে বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ উমান পাই অবৈধ কাঠফলা মিলৰ পৰা কাঠফলা-যন্ত্ৰপাতি খুলি থোৱা বুলি কৃষ্ণাই মধ্য আঞ্চলিক উপ-বন বিষয়া আনাটৌল্লা আলীয়ে জানিবলৈ দিয়ে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
