কৰিমগঞ্জ, ০৯ ডিছেম্বৰ (হি স)। কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত অসম আৰক্ষীয়ে প্ৰায় তিনি কোটি টকা মূল্যৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । এনএল ০২ কিউ ৮১৭০ নম্বৰৰ এখন কন্টেনাৰ ট্ৰাকত অভিযান চলাই আৰক্ষীয়ে বাহনখনৰ পৰা ৯১ পেকেট গাঞ্জা উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা গাঞ্জাখিনীৰ পৰিমাণ হ’ব প্ৰায় ৬৩৭ কিলোগ্ৰাম ।
অন লাইনৰ সামগ্ৰী কঢ়িওৱা কন্টেনাৰ ট্ৰাকৰ পৰা এইবাৰ জব্দ হৈছে দমে দমে গাঞ্জাৰ টোপোলা । ত্ৰিপুৰাৰ পৰা অসম প্ৰবেশ কৰাৰ সময়তে ট্ৰাকখনত আৰক্ষীয়ে চলাইছিল তালাচী অভিযান । আৰক্ষীৰ হাতত থকা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । প্ৰায় তিনি কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ গাঞ্জা পৰিল আৰক্ষীৰ হাতত ।
উল্লেখযোগ্য যে, অসমক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি ত্ৰিপুৰাৰ গাঞ্জা ব্যবসায়ী সকলে বহিৰাজ্যলৈ গাঞ্জাৰ সৰবৰাহ অব্যাহত ৰাখিছিল । অবশ্যে সীমান্ত এলেকাত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলা অসম আৰক্ষীৰ অভিযানত ইটোৰ পিছত সিটো সফলতাৰ বাবে গাঞ্জা সৰবৰাহৰকাৰী সকলৰ নিদ্ৰা হৰণ হৈছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
