
তিনিচুকীয়া, ২২ জুন (হি.স.): তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰালী গাঁৱৰ দলঙৰ সমিপত যোৱা কালি শনিবাৰে সন্ধিয়া ড্ৰাগছসহ এজনক আটক কৰে কাকপথাৰ আৰক্ষীয়ে।কাকপথাৰৰ পৰা খেদি খেদি গৈ বৰালী গাঁৱৰ পৰা আটক কৰে চেলেংগীৰিৰ হেমিল হাজৰিকা (৫০) নামৰ ড্ৰাগছ সৰবৰাহকাৰী।
ধৃতজনৰ পৰা ২১গ্ৰাম হে’ৰইনসহ এএছ ২৩ এই কে ৮৯৭৮ নম্বৰৰ মটৰচাইকেল এখন জব্দ কৰিছে । উল্লেখযোগ্য যে ইয়াৰ আগতেও ড্ৰাগছ সৰবৰাহত জড়িত হৈ আৰক্ষীৰ হাতত আটক হ’বলগীয়া হৈছিল হেমিল হাজৰিকা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
