নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। ব্যৱসায়িক সংস্থা কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেট-CAT)-এ কাৰ্বনেটেড পানীয়ৰ জি এছ টিৰ হাৰ হ্ৰাস কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কেটে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এখন পত্ৰ লিখি কয় যে এই পানীয়সমূহ ১৮ শতাংশ জি এছ টি স্লেবত ৰাখিব লাগে। ইয়াৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হ’ব বুলি কেটে ধাৰণা কৰে।
কেটৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতীয়াই দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ প্ৰেৰণ কৰা পত্ৰত কয় যে যেতিয়া জি এছ টি কৰ ব্যৱস্থাৰ পুনৰ্গঠন কৰা হৈছে তেতিয়া এফালে কৰ স্লেব পুনৰ সংজ্ঞায়িত কৰাটো প্ৰয়োজনীয়। আনহাতে, বহুমাত্ৰিক অনুসৰণৰ বোজা হ্ৰাস কৰাটোৱেই এই সংস্কাৰসমূহৰ মূল উদ্দেশ্য হ’ব লাগে। ভাৰতীয়ই কয় যে দেশৰ আভ্যন্তৰীণ বাণিজ্য ব্যৱস্থা শক্তিশালী কৰাৰ এক সোণালী সুযোগ আছে, যাৰ ফলত বিশেষকৈ ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা, গেলামালৰ দোকান, হকাৰ আৰু পাণ দোকান চলোৱা লোকসকল উপকৃত হ’ব। হান্সা ৰিচাৰ্চৰ সৈতে কৰা কেটৰ অধ্যয়নৰ উদ্ধৃতি দি ভাৰতীয়ই কয় যে ক্ষুদ্ৰ গেলামালৰ দোকানৰ বিক্ৰীৰ পৰিমাণৰ প্ৰায় ৩০ শতাংশ কেৱল পানীয়ৰেই হয়, কিন্তু বৰ্তমান কাৰ্বনেটেড পানীয়ৰ ওপৰত উচ্চ কৰ হাৰৰ বাবে তেওঁলোকৰ আয় হ্ৰাস পাইছে।
কেটৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে বিশ্বজুৰি পানীয়ৰ ওপৰত গড় কৰ হাৰ ১৬-১৮ শতাংশৰ ভিতৰত আৰু কাৰ্বনেটেড পানীয় ১৮ শতাংশ জি এছ টি স্লেবত ৰখাৰ ফলত ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰথাৰ সৈতে সংগতি ৰাখি ঘৰুৱা আনুষ্ঠানিককৰণৰ প্ৰসাৰ ঘটিব। তেওঁ ব্যৱসায়ী সমাজৰ হৈ আহ্বান জনায় যে প্ৰস্তাৱিত জি এছ টি সংস্কাৰৰ অধীনত কাৰ্বনেটেড পানীয়ক ১৮ শতাংশ স্লেবত পুনৰ শ্ৰেণীভুক্ত কৰা উচিত। চৰকাৰৰ এই পদক্ষেপে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ লগতে ৰাজহ বৃদ্ধি কৰিব বুলি কয় কেটৰ সভাপতিগৰাকীয়ে।
উল্লেখযোগ্য যে বৰ্তমান কাৰ্বনেটেড পানীয়সমূহে ১২ শতাংশ ক্ষতিপূৰণৰ চেছৰ লগতে ২৮ শতাংশ জি এছ টি আকৰ্ষণ কৰে। ইয়াৰ ফলত মুঠ কাৰ্যকৰী হাৰ ৪০ শতাংশ হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
