নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। জি এছ টিত প্ৰয়োজনীয় সংস্কাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা, খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু ভাল বাৰিষাৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰখন একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে সৱলতাৰে বন্ধ হ’বলৈ সক্ষম হৈছিল। ২২ আগষ্টত সমাপ্ত হোৱা ব্যৱসায়িক সপ্তাহত বিএছই চেন্সেক্সৰ মূল্য ৭০৯.১৯ পইণ্ট অৰ্থাৎ ০.৮৭ শতাংশ বৃদ্ধিৰে ৮১,৩০৬.৮৫ পইণ্টত বন্ধ হয়। একেদৰে নিফটি ২৩৮.৮০ পইণ্ট অৰ্থাৎ সাপ্তাহিক ভিত্তিত ০.৯৬ শতাংশ বৃদ্ধিৰে ২৪,৮৭০.১০ পইণ্টত বন্ধ হয়।
সম্পূৰ্ণ সপ্তাহটোৰ ব্যৱসায়ৰ পিছত বিএছই লাৰ্জ কেপ সূচকাংক সাপ্তাহিক এক শতাংশ শক্তিৰে বন্ধ হ’বলৈ সক্ষম হয়। এই সূচকাংকত অন্তৰ্ভুক্ত ৱাৰী এনাৰ্জিজ, এভিনিউ ছুপাৰমাৰ্টছ, মাৰুতি চুজুকি ইণ্ডিয়া, আইডিবিআই বেংক, ছুইগি আৰু টিভিএছ মটৰ কোম্পানীৰ শ্বেয়াৰসমূহ শীৰ্ষ লাভকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। সোমবাৰৰ পৰা শুকুৰবাৰৰ ব্যৱসায়ৰ পিছত ২ শতাংশ জঁপিয়াই বন্ধ হয় বিএছই মিডকেপ সূচকাংক। এই সূচকাংকত অন্তৰ্ভুক্ত ইউএনঅ’ মিণ্ডা, অলা ইলেক্ট্ৰিক মবিলিটি, এল এণ্ড টি ফাইনেন্স, এষ্ট্ৰেল লিমিটেড আৰু ফিনিক্স মিলছৰ শ্বেয়াৰ শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হয়। আনহাতে, টৰেণ্ট পাৱাৰ, এবট ইণ্ডিয়া, কল্যান জুৱেলাৰ্ছ ইণ্ডিয়া, গ্লেনমাৰ্ক ফাৰ্মা, অৰোবিন্দো ফাৰ্মা, ভাৰত ফৰ্জ আৰু টাটা কমিউনিকেশ্যনৰ শ্বেয়াৰ সাপ্তাহিক ভিত্তিত শীৰ্ষ হেৰুৱাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
মিডকেপ সূচকাংকৰ দৰেই বিএছই স্মলকেপ সূচকাংকতো যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ২ শতাংশ বৃদ্ধি পাবলৈ সক্ষম হৈছে। এই সূচকাংকত অন্তৰ্ভুক্ত ঋষভ ইনষ্ট্ৰুমেণ্টছ, কে আৰ ৰেল ইঞ্জিনিয়াৰিং, এইচ এল ই গ্লাছকোট, পেনাৰ ইণ্ডাষ্ট্ৰীজ, এপ’ল’ মাইক্ৰ’ চিষ্টেমছ, কে আই অ’ চি এল আৰু জয় কৰ্প’ৰেশ্যনৰ শ্বেয়াৰসমূহ সাপ্তাহিক ভিত্তিত শীৰ্ষ লাভকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
আনহাতে, আগৰৱাল ইণ্ডাষ্ট্ৰিয়েল কৰ্প’ৰেশ্যন, নাজাৰা টেকন’লজিছ, উফ্লেক্স, ছুৰাতৱালা বিজনেছ গ্ৰুপ, থাইৰ’কেয়াৰ টেকন’লজিছ, জিভিকে পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, শিল্প মেডিকেয়াৰ, ইথ’ছ, ভেলিয়েণ্ট অৰ্গেনিকছ আৰু মাষ্টাৰ ট্ৰাষ্ট শ্বেয়াৰ ইণ্ডিয়া ছিকিউৰিটিজৰ শ্বেয়াৰ শীৰ্ষ লোকচান ভৰাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
খণ্ডগত দিশত যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ত বিএছই অটো সূচকাংকত সাপ্তাহিক ভিত্তিত ৫ শতাংশ বৃদ্ধি পাবলৈ সক্ষম হৈছে। একেদৰে টেলিকম, কনজিউমাৰ ডুৰেবল আৰু ৰিয়েলটি সূচকাংকতো ৩ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। আনহাতে, বিএছই শক্তি সূচকাংক আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ সূচকাংক সাপ্তাহিক ভিত্তিত ০.৫০ শতাংশ হ্ৰাস পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
