নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৮ টা কোম্পানীৰ মাৰ্কেট কেপ ১.৭২ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৰ্বাধিক লাভৱান হৈছিল। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ২টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ২৯ হাজাৰ কোটি টকাৰো অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি লোকচান হৈছে এইচ ডি এফ চি বেংক।
চলিত সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ভাৰতী এয়াৰটেল, ভাৰতীয় জীৱন বীমা নিগম (এল আই চি), টাটা কনছালটেন্সি চাৰ্ভিচেছ (টি চি এছ), আই চি আই চি আই বেংক, হিন্দুস্তান ইউনিলিভাৰ, বাজাজ ফাইনেন্স আৰু ইনফ’ছিছৰ শীৰ্ষ ১০ টা কোম্পানীৰ মাৰ্কেট কেপ ১,৭২,১৪৮.৮৯ কোটি টকা বৃদ্ধি পাইছে। আনহাতে, এইচ ডি এফ চি বেংক আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাৰ্কেট কেপ ২৯,৮২৫.১৬ কোটি টকা হ্ৰাস পাইছে।
১৮ আগষ্টৰ পৰা ২২ আগষ্টৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৪৮,১০৭.৯৪ কোটি টকা বৃদ্ধি পাই ১৯,০৭,১৩১.৩৭ কোটি টকা হয়। একেদৰে হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৩৪,২৮০.৫৪ কোটি টকা জপিয়াই ৬,১৭,৬৭২.৩০ কোটি টকা হয়।
ইয়াৰ উপৰিও ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৩৩,৮৯৯.০২ কোটি টকা জপিয়াই ১১,০২,১৫৯.৯৪ কোটি টকা, বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ২০,৪১৩.৯৫ কোটি টকা বৃদ্ধি পাই ৫,৫৫,৯৬১.৩৯ কোটি টকা, ইনফ’ছিছৰ মাৰ্কেট কেপ ৫০ কোটি টকা বৃদ্ধি ১৬,৬৯৩.৯৩ কোটি টকা হৈ ৬,১৮,০০৪.১২ কোটি টকা, টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ১১,৪৮৭.৪২ কোটি টকা জপিয়াই ১১,০৪,৮৩৭.২৯ কোটি টকা, আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৬,৪৪৩.৮৪ কোটি টকা বৃদ্ধি পাই ১০,২৫,৪২৬.১৯ কোটি টকা আৰু ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ৮২২.২৫ কোটি টকা বৃদ্ধি পাই ৫,৬২,৭০৩.৪২ কোটি টকা হৈছে।
আনহাতে, এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ২০,০৪০.৭০ কোটি টকা হ্ৰাস পাই ১৫,০৮,৩৪৬.৩৯ কোটি টকা হয়। একেদৰে ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৯,৭৮৪.৪৬ কোটি টকা হ্ৰাস পাই ৭,৫৩,৩১০.৭০ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৯,০৭,১৩১.৩৭ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচন (মাৰ্কেট কেপ)ৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী হৈয়েই আছে।
ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,০৮,৩৪৬.৩৯ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১১,০৪,৮৩৭.২৯ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,০২,১৫৯.৯৪ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,২৫,৪২৬.১৯ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,৫৩,৩১০.৭০ কোটি টকা), ইনফ’ছিছ (মুঠ মাৰ্কেট কেপ ৬,১৮,০০৪.১২ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ মাৰ্কেট কেপ ৬,১৭,৬৭২.৩০ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৬২,৭০৩.৪২ কোটি টকা) আৰু বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৫৫,৯৬১.৩৯ কোটি)ৰ সৈতে মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
