নতুন দিল্লী, ২১ জুলাই (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য উৰ্ধমুখী ধাৰা দেখা যায়। আজি প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য ১০০ টকাৰ পৰা ১১০ টকালৈ জপিয়াই পৰিল। ইয়াৰ বিপৰীতে আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকাৰ পৰা ১,০০,৩০০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাৰ পৰা ৯১,৯৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজিও দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰামত ১,১৬,০০০ টকাৰ মাত্ৰাত বিক্ৰী হৈ আছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০০,৩০০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,২০০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯১,৮৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০০,১৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০০,১৫০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯১,৮০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,৩০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,২০০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৩০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকাৰ দৰত ২৪ কেৰেট সোণৰ ব্যৱসায় হৈছে। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
