নতুন দিল্লী, ০১ ডিচেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে বিমান ইন্ধন(এটিএফ) মূল্য ৫.৪% বৃদ্ধি কৰিছে। তেল কোম্পানীসমূহে বিশ্বৰ ধাৰা অনুসৰি মাহেকীয়া এটিএফৰ মূল্য সংশোধন ঘোষণা কৰে। অৱশ্যে মূল্য পৰিৱৰ্তনৰ প্ৰভাৱ সন্দৰ্ভত বিমান সংস্থাসমূহৰ পৰা কোনো তাৎক্ষণিক মন্তব্য পোৱা নগ’ল। সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি এ টি এফৰ মূল্যবৃদ্ধিৰ পিছত নতুন দিল্লীত বিমান ইন্ধনৰ মূল্য ৫,১৩৩.৭৫ ₹ বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৯৯,৬৭৬.৭৭ ₹ হৈছে। মুম্বাইত প্ৰতি কিলোলিটাৰ এটিএফৰ মূল্য ৯৩,২৮১.০৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে চেন্নাই আৰু কলকাতাত প্ৰতি কিলোলিটাৰত ক্ৰমে ১,০৩,৩০১.৮০ আৰু ১,০২,৩৭১ টকালৈ বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ভাৰত পেট্ৰলিয়াম, আৰু হিন্দুস্তান পেট্ৰলিয়ামে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহৰ প্ৰথম দিনাই বিমান ইন্ধনৰ মূল্য সংশোধন কৰে। স্থানীয় কৰৰ বাবে চহৰভেদে ইন্ধনৰ মূল্য বেলেগ বেলেগ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
