নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। দীপান্বিতাৰ পূৰ্বে তেল আৰু গেছ বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক এল পি জি গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০১.৫০ টকা বৃদ্ধি কৰিছে। কিন্তু ঘৰুৱা এল পি জিৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি এই বৃদ্ধিৰ পিছত ৰাজধানী দিল্লীত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭৩১ টকাৰ পৰা ১৮৩৩ টকালৈ বৃদ্ধি পাইছে। মুম্বাইত ইয়াৰ মূল্য ১৬৮৪ টকাৰ পৰা ১৭৮৫.৫০ টকালৈ বৃদ্ধি পাইছে। কলকাতাত ১৮৩৯.৫০ টকাৰ সলনি ১৯৪৩ টকা আৰু চেন্নাইত ১৮৯৮ টকাৰ পৰা বাঢ়ি ১৯৯৯.৫০ টকাত উপলব্ধ হ’ব। গুৱাহাটীত ইয়াৰ মূল্য ১৯৩২ টকাৰ পৰা বৃদ্ধি পাই ২০৩৫ টকাত প্ৰতিটো চিলিণ্ডাৰ উপলদ্ধ হ’ব।
উল্লেখযোগ্য যে যোৱা এমাহৰ ভিতৰত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩০০ টকাতকৈও অধিক বৃদ্ধি পাইছে। ১ অক্টোবৰত কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ২০৯ টকা বৃদ্ধি কৰা হয়। এতিয়া ঠিক এমাহৰ পাছত ১ নৱেম্বৰত পুনৰ বৃদ্ধি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
