নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। প্ৰথমে বিলাহী আৰু এতিয়া পিঁয়াজৰ বৰ্ধিত মূল্যই চৰকাৰৰ চিন্তা বৃদ্ধি কৰিছে। পিঁয়াজৰ বৰ্ধিত মূল্য ৰোধৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণৰ পৰিকল্পনাৰে অগ্ৰসৰ হৈছে চৰকাৰ। পিঁয়াজৰ বৰ্ধিত মূল্য ৰোধ কৰাৰ বাবে শনিবাৰে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পিয়াঁজ ৰপ্তানি সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে। ঘৰুৱা বজাৰত পিঁয়াজৰ উপলব্ধতা বৃদ্ধি আৰু মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰে শনিবাৰে এই প্ৰধান শাক-পাচলিটোৰ ৰপ্তানিৰ ওপৰত ৩১ ডিচেম্বৰলৈকে নূন্যতম ৰপ্তানি মূল্য (এমইপি) প্ৰতি টনত ৮০০ ডলাৰ নিৰ্ধাৰণ কৰে। ২৯ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।
ইয়াৰ উপৰিও চৰকাৰে বাফাৰ ষ্টকৰ বাবে অতিৰিক্ত ২ লাখ টন পিঁয়াজ ক্ৰয় কৰাৰ কথাও ঘোষণা কৰিছে, যিটো ইতিমধ্যে ক্ৰয় কৰা ৫ লাখ টনৰ উপৰিও হ’ব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনাযোগে কয় যে বিদেশলৈ প্ৰেৰণ কৰা পিঁয়াজৰ এমইপি এতিয়া ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈকে প্ৰতি টনত ৮০০ ডলাৰলৈ বৃদ্ধি কৰা হৈছে।
চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই পদক্ষেপে ঘৰুৱা গ্ৰাহকৰ বাবে সুলভ মূল্যত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতা বজাই ৰখাত সহায় কৰিব কাৰণ ৰবি ২০২৩ৰ বাবে মজুত কৰা পিঁয়াজৰ পৰিমাণ হ্ৰাস পাইছে। পিঁয়াজৰ বাবে প্ৰতি টনত ৮০০ ডলাৰৰ এমইপি প্ৰতি কিলোগ্ৰামত প্ৰায় ৬৭ টকা হয়। আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ পৰা সমগ্ৰ দেশৰ প্ৰধান খুচুৰা কেন্দ্ৰসমূহত থকা বাফাৰ ষ্টকৰ পৰা অবিৰতভাৱে পিঁয়াজ আহৰণ কৰা হৈছে, আৰু লগতে এন চি চি এফ আৰু নেফেডৰ দ্বাৰা পৰিচালিত ম’বাইল ভ্যানৰ জৰিয়তে খুচুৰা গ্ৰাহকক সুলভ মূল্যত প্ৰতি কিলোগ্ৰাম পিঁয়াজ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে সম্প্ৰতি প্ৰতি কেজি পিঁয়াজ ৭০ টকাৰ হাৰত বিক্ৰী হৈ আছে। আনহাতে উৎসৱৰ সুযোগ লৈ স্থানীয় বিক্ৰেতাসকলে প্ৰতি কেজিত ৮০ টকাৰ হাৰত পিয়াঁজ বিক্ৰী কৰাও পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
