
কোভিলপট্টি (তামিলনাডু), ২০ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে তামিলনাডুৰ জুইশলা (মেচ) উদ্যোগৰ মহিলা কৰ্মীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। সীতাৰমনে কয় যে তেওঁলোকৰ অক্লান্ত অৱদানে এই খণ্ডটোক প্ৰাণ দিছে।
কোভিলপট্টিত তামিলনাডু জুইশলা উদ্যোগৰ শতবাৰ্ষিকী উদযাপনত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ জোৰ দি কয় যে এই খণ্ডটো মূলতঃ মহিলাই নেতৃত্ব দি আহিছে। সীতাৰমণে অঞ্চলটোৰ মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে কয়, এই খৰাং প্ৰৱণ ভূমিত, য’ত পৰ্যাপ্ত বৰষুণো নাই, পানীৰ অভাৱৰ পৰা সকাহো লাভ নকৰে, সেইখন প্ৰতিগৰাকী মহিলাৰ বাবে গৌৰৱৰ বিষয় যিয়ে নিজৰ ঘৰখন সুৰক্ষিত কৰি পৰিয়ালৰ ভৰণ পোষণ কৰাৰ লগতে এই ব্যৱসায়ক আগবঢ়াই নিছে।
সীতাৰমণে কয় যে সৰু উদ্যোগ হিচাপে আৰম্ভ হোৱা উদ্যোগটোক তেওঁলোকে বিশাল উদ্যোগলৈ ৰূপান্তৰিত কৰিছে। লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকে দেশৰ উদ্যোগ, বাণিজ্য, আৰু অৰ্থনীতিত কেনেদৰে অৰিহণা যোগাব পাৰে তাৰ বিশদ পৰিকল্পনা দাখিল কৰিবলৈ মেচবক্স উদ্যোগৰ অংশীদাৰসকলক আহ্বান জনায়। কেন্দ্রীয় চৰকাৰৰ জৰিয়তে উপযুক্ত আঁচনি অনাৰ বাবে প্রয়োজনীয় প্রচেষ্টা কৰাৰ বাবে পূৰ্ণাংগ প্ৰতিশ্ৰুতিবদ্ধ বুলিও সীতাৰমণে আশ্বাস দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ
