নতুন দিল্লী, ২১ ছেপ্টেম্বৰ (হি.স.)। ২২ ছেপ্টেম্বৰৰ পৰা দেশজুৰি কাৰ্যকৰী হ’বলগীয়া নতুন জি এছ টি ৰেটে দেশৰ ব্যৱসায়ী সমাজক উপকৃত কৰাৰ লগতে গ্ৰাহকক যথেষ্ট সঞ্চয়ৰ সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে সৰ্বভাৰতীয় ব্যৱসায়ী সন্মিলনে (কেট)। ইয়াত উল্লেখ কৰা হৈছে যে এই সংস্কাৰসমূহ স্বাধীন ভাৰতৰ আটাইতকৈ বৈপ্লৱিক কৰ সংস্কাৰৰ ভিতৰত অন্যতম, যাৰ লক্ষ্য হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সবলীকৰণ, গ্ৰাহকৰ আস্থা বৃদ্ধি, আৰু দেশৰ অৰ্থনীতিক ১০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশে আগুৱাই নিয়া।
দেওবাৰে কেটৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে এক বিবৃতিত কয় যে কেট-এ সমগ্ৰ দেশৰ সকলো বাণিজ্যিক সংস্থাক এই জি এছ টি হাৰ হ্ৰাসৰ সুবিধা গ্ৰাহকৰ মাজলৈ আগবঢ়াই দিবলৈ আহ্বান জনাইছে। তেওঁ লগতে কয় যে ১২% আৰু ১৮% কৰ স্লেবৰ পৰা প্ৰায় ৪০০ বস্তু আঁতৰাই ৫% কৰ স্লেবত ৰখা হৈছে। তদুপৰি ২৮% কৰ স্লেবটো আঁতৰাই পেলোৱা হৈছে, আৰু বেছিভাগ বস্তু ১৮% কৰ স্লেবত ৰখা হৈছে। তেওঁ লগতে কয় যে এই চৰকাৰী সিদ্ধান্তৰ ফলত ১৫ৰ পৰা ২০% মূল্য হ্ৰাস পাব, যাৰ ফলত গ্ৰাহকসকল প্ৰত্যক্ষভাৱে উপকৃত হ’ব। ইয়াৰ উপৰিও সামগ্ৰীৰ ব্যৱহাৰ নিশ্চিতভাৱে বৃদ্ধি পাব, যাৰ ফলত বাণিজ্য যথেষ্ট বৃদ্ধি পাব।
সাংসদ খাণ্ডেলৱালে উল্লেখ কৰে যে এই সংস্কাৰে ডিজিটেল ইণ্ডিয়া, স্বচ্ছ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিব। প্ৰযুক্তি-চালিত ব্যৱস্থাই দুৰ্নীতি হ্ৰাস কৰিব, স্বচ্ছতা বৃদ্ধি কৰিব, আৰু বিশ্বাস গঢ়ি তুলিব। ক্ষুদ্ৰ উদ্যোগ, এম এছ এম ই, ষ্টাৰ্টআপ, আৰু ক্ষুদ্ৰ দোকানীসকল সৰ্বাধিক হিতাধিকাৰী হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীৰ স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগী আৰু অধিক শক্তিশালী হ’ব। খাণ্ডেলৱালে উল্লেখ কৰে যে এই সংস্কাৰসমূহ কেৱল প্ৰশাসনিক পৰিৱৰ্তন নহয়, বৰঞ্চ ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবে এক ঐতিহাসিক উপহাৰ, ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ ওচৰলৈ লৈ গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
