নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। গ্ৰাম্য আৰু অৰ্ধনগৰ অঞ্চলৰ দৰিদ্ৰ মহিলা, কৃষক আৰু মজলীয়া উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এল এণ্ড টি ফাইনেন্সে এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত কোম্পানীটোৱে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা দীৰ্ঘম্যাদী ঋণ হিচাপে ১২.৫০ কোটি ডলাৰৰ ধনৰাশি লাভ কৰিব।
এল এণ্ড টি ফাইনেন্সে প্ৰদান কৰা তথ্য অনুসৰি এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লাভ কৰা ঋণৰ ৪০ শতাংশই দৰিদ্ৰ মহিলাসকলৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰিও বাকী ৬০ শতাংশ ধন দুৰ্বল অংশৰ কৃষকক ঋণ প্ৰদান আৰু এম এছ এম ইৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব।
কোম্পানীটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ১২.৫০ কোটি ডলাৰৰ দীৰ্ঘম্যাদী ঋণৰ উপৰিও কোম্পানীটোৰ অন্যান্য ডেভেলপমেণ্ট পাৰ্টনাৰৰ পৰাও একে ধনৰাশি লাভ কৰিব। এইদৰে কোম্পানীটোৱে গ্ৰাম্য আৰু অৰ্ধনগৰ অঞ্চলৰ দৰিদ্ৰ মহিলা, কৃষক আৰু এম এছ এম ই সমূহৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব।
এল এণ্ড টি ফাইনেন্সৰ বিবৃতিত কোৱা হৈছে যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লাভ কৰা দীৰ্ঘম্যাদী ঋণ কোম্পানীটোৰ সামাজিক দায়বদ্ধতাৰ মূল নীতিৰ বাবে অতি সহায়ক হ’ব। ইয়াৰ দ্বাৰা দেশৰ গ্ৰাম্য আৰু চহৰৰ মাজত থকা আৰ্থিক ব্যৱধান দূৰ কৰাত বহুখিনি সহায়ক হ’ব। ইয়াৰ লগে লগে দেশৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা শক্তিশালী হ’ব। এল এণ্ড টি ফাইনেন্সে এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ইয়াৰ উন্নয়ন অংশীদাৰৰ পৰা লাভ কৰা ধনেৰে গ্ৰাম্য আৰু অৰ্ধনগৰ অঞ্চলত ক্ষুদ্ৰ ঋণৰ লগতে কৃষি সঁজুলিৰ ঋণ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ/ যোগিতা/মনোজ
