
নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। জি এছ টি পৰিষদৰ দুদিনীয়া বৈঠক বুধবাৰৰ পৰা ইয়াত আৰম্ভ হৈছে, য’ত দৈনন্দিন সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰাৰ বাবে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা বিবেচনা কৰিব পাৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নেতৃত্বত গঠিত এই পৰিষদত সকলো ৰাজ্যকে প্ৰতিনিধিত্ব কৰে।
এই বৈঠকত জি এছ টি সংস্কাৰৰ প্ৰস্তাৱৰ ওপৰত চৰ্চা হোৱাৰ সম্ভাৱনা আছে। প্ৰস্তাৱিত সংস্কাৰৰ ভিতৰত মূলটো হ’ল বৰ্তমানৰ ১২ শতাংশ আৰু ২৮ শতাংশ কৰ স্লেব আঁতৰাই মাত্ৰ দুটা কৰ হাৰ ৫ শতাংশ আৰু ১৮ শতাংশ ৰখা। ইয়াৰ উপৰিও কিছুমান বিশেষ বস্তুৰ ওপৰত ৪০ শতাংশ বিশেষ হাৰত কৰ আৰোপ কৰা হ’ব।
উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ পৰিকল্পনাৰ কথা কৈছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্রস্তাৱিত সংস্কাৰৰ খচৰা বিভিন্ন ৰাজ্যৰ মন্ত্রীৰ দল এটাৰ সৈতে প্রাথমিক পর্যালোচনাৰ বাবে ভাগ-বতৰা কৰে৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
