নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ কোম্পানী ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেন্সী(আইআৰইডিএ–ইৰেডা)য়ে এংকৰ বিনিয়োগকাৰীৰ পৰা ৬৪৩ কোটি টকা সংগ্ৰহ কৰিছে। কোম্পানীটোৰ ২১৫০ কোটি টকাৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) ২১ নৱেম্বৰত মুকলি কৰা হৈছিল আৰু ২৩ নৱেম্বৰত বন্ধ হ’ব।
ইৰেডাই মঙলবাৰে এক বিবৃতিত কয় যে কোম্পানীটোৱে এংকৰ বিনিয়োগকাৰীৰ পৰা ৬৪৩ কোটি টকা সংগ্ৰহ কৰিছে। কোম্পানীটোৱে ৫৮টা ফাণ্ডক প্ৰতি শ্বেয়াৰত ৩২ টকাত ২০,১০,১৯,৭২৬ টা শ্বেয়াৰ আবণ্টন দিছে। এইটোৱেই হৈছে মূল্যৰ ৰেঞ্জৰ ওপৰৰ মূৰ। আই পি অ’ৰ মূল্যৰ পৰিসৰ প্ৰতি শ্বেয়াৰত ৩০-৩২ টকা নিৰ্ধাৰণ কৰা হৈছে।
প্ৰাৰম্ভিক পাব্লিক অফাৰিঙৰ অধীনত ইৰেডাই ৪০.৩১ কোটি নতুন শ্বেয়াৰ জাৰি কৰিব। ভেলুৱেশ্যন বেণ্ডৰ ওপৰৰ মূৰত ১২৯০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে। কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব। উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত ভাৰতীয় জীৱন বীমা নিগমৰ পিছত ৰাজহুৱা খণ্ডৰ কোম্পানী এটাৰ এয়া প্ৰথম আই পি অ’।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
