নতুন দিল্লী, ১৭ জুলাই (হি.স.)। অহা সপ্তাহত ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব পাৰে। বহু প্ৰত্যাশিত এই চুক্তিৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰা।
চৰকাৰী সূত্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি অহা সপ্তাহত ভাৰত আৰু ব্ৰিটেইনে এক বৃহৎ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছে। এই বাণিজ্যিক চুক্তিৰ জৰিয়তে ব্ৰিটেইনলৈ ভাৰতীয় ৰপ্তানিৰ ৯৯ শতাংশৰ ওপৰত শুল্ক নাইকিয়া হ’ব, সেয়া চামৰা, জোতা, কাপোৰ ইত্যাদি হওক। এই সন্দৰ্ভত কেইবামাহো ধৰি আলোচনা চলি আছিল, দুয়োখন দেশে ৬ মে’ত আলোচনাৰ অন্ত পৰাৰ কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত বহু প্ৰত্যাশিত এই চুক্তিৰ অধীনত ভাৰতৰ পৰা চামৰা, জোতা, কাপোৰৰ দৰে শ্ৰমসাধ্য সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত শুল্ক বাতিল কৰা হ’ব। একে সময়তে ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানিও সস্তা হ’ব। ইয়াৰ ফলত ২০৩০ চনৰ ভিতৰত দুয়োখন অৰ্থনীতিৰ মাজত বাণিজ্য দুগুণ বৃদ্ধি পাই ১২০ বিলিয়ন ডলাৰ হ’ব।বিগত তিনি বছৰৰ আলোচনাৰ অন্তত বিশ্বৰ পঞ্চম আৰু ষষ্ঠ বৃহত্তম অৰ্থনীতিসমূহে এই চুক্তিত উপনীত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
