নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ ব্যৱসায় সমতল স্তৰত দেখা যায়। আনহাতে, ৰূপৰ মূল্য আজি প্ৰতি কেজিত ৮০০টকা বৃদ্ধি পাইছে। মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০১,১৮০ টকাৰ পৰা ১,০১,৩৩০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯২,৭৫০ টকাৰ পৰা ৯২,৯০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ১,১৭,০০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০১,৩৩০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৯০০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে মুম্বাইত ২৪ কেৰেটৰ সোণ ১,০১,১৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ৯২,৭৫০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০১,২৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৮০০ টকা। এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১,০১,১৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ৯২,৭৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য ১,০১,১৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৭৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০১,৩৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ১,০১,২৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৮০০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,৩৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯০০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত এতিয়াও প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ ব্যৱসায় হৈছে ১,০১,১৮০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯২,৭৫০ টকাৰ মাত্ৰাত বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
