নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। দীপাৱলীৰ পিছদিনা আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্ৰাস পোৱা গৈছে। কিন্তু আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই মূল্য হ্ৰাসৰ বাবে দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৬৮০ টকাৰ পৰা ১,৩০,৮৩০ টকা ব্যৱসায় কৰা হৈছে। একেদৰে আজিও ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৭৯০ টকাৰ পৰা ১,১৯,৯৪০ টকাৰ ভিতৰত বিক্ৰী হৈ আছে। ৰূপৰ অপৰিৱৰ্তিত মূল্যৰ বাবে আজিও দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰাম ১,৭১,৯০০ টকাৰ মাত্ৰাত বিক্ৰী হৈ আছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৮৩০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৯,৯৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩০,৬৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৭৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৭৩০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৯,৮৪০ টকা।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৬৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৯,৭৯০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৬৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৯,৭৯০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৮৩০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৯,৯৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৭৩০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৯,৮৪০ টকাত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৯,৯৪০ টকা ।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৬৮০ টকা । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ ১,১৯,৭৯০ টকা হাৰত প্ৰতি ১০ গ্ৰাম বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
