নতুন দিল্লী, ১৪ জুলাই (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত বৃদ্ধি পাইছে সোণৰ মূল্য। একে সময়তে আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ বহু অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণে পুনৰবাৰ ১,০০,০০০ টকাৰ স্তৰত উপনীত হৈছে। একে সময়তে একাংশ ৰাজ্যৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ৯৯,৮৮০ টকাৰ স্তৰত চলি আছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৫৫০ টকাৰ পৰা ৯১,৭০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজিও দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কেজি ১,১৫,০০০ টকাৰ মাত্ৰাত বিক্ৰী হৈ আছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ দাম ১,০০,০০০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৭০০ টকা। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৯,৮৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৫৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,৯০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৬০০ টকা। এই প্ৰধান চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৯,৮৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৫৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,৮৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯১,৫৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,০০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৭০০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,৯০০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৬০০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০০,০০০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৭০০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৯,৮৮০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ ১০ গ্ৰামত ৯১,৫৫০ টকাত বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
