নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০৬,১০০ টকাৰ পৰা ১,০৬,২৫০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। আনহাতে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ৯৭,২৬০ টকাৰ পৰা ৯৭,৪১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। সোণৰ দৰে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ১,২৭,১০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০৬,২৫০ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৪১০ টকা ৰেকৰ্ড কৰা হৈছে। মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,১০০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,২৬০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০৬,১৫০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৩১০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০৬,১০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৯৭,২৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০৬,১০০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯৭,২৬০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০৬,২৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৪১০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ১,০৬,১৫০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৩১০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,২৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৪১০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো আজি সোণৰ মূল্য সামান্য উৰ্ধমুখী ধাৰা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১,০৬,১০০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯৭,২৬০ টকাৰ হাৰত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
