নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে তৃতীয় দিনৰ বাবে বুলিছ ট্ৰেণ্ড দেখা গৈছে। সোণ আজি প্ৰতি ১০ গ্ৰামত ১০০ৰ পৰা ১১০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। সোণৰ দৰে আজিও প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১০০০ টকা বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০২,৩৪০ টকাৰ পৰা ১,০২,৪৯০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯৩,৮১০ টকাৰ পৰা ৯৩,৯৬০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,১৬,১০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৪৯০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,৯৬০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৩৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,৮১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০২,৩৯০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯৩,৮৬০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৩৪০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,৮১০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০২,৩৪০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯৩,৮১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৪৯০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,৯৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০২,৩৯০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,৮৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৪৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,৯৬০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ১,০২,৩৪০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,৮১০ টকাত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
