নতুন দিল্লী, ৩০ জানুৱাৰী (হি.স.)। অন্তৱৰ্তীকালীন বাজেটৰ পূৰ্বে শ্বেয়াৰ বজাৰত শক্তিশালী ক্ৰয় দেখা গৈছে। সপ্তাহটোৰ দ্বিতীয়টো ব্যৱসায়িক দিন মঙলবাৰে সেউজ অংশ (গ্ৰীণ মাৰ্ক)ত মুকলি হোৱাৰ পিছতো শ্বেয়াৰ বজাৰত উঠা-নমা অব্যাহত আছে। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৫৯.০৬ পইণ্ট বা ০.০৮২ শতাংশ হ্ৰাস পাই ৭১,৮৮২.৫১ পইণ্টত ট্ৰেণ্ডিং কৰি আছে। অৱশ্যে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ৬.৩০ পইণ্ট বা ০.০২৯ শতাংশ সামান্য বৃদ্ধিৰে ২১,৭৪৩.৯০ টকাত ব্যৱসায় কৰা হৈছে।
ব্যৱসায়ৰ সময়ত শ্বেয়াৰ বজাৰত আই টি খণ্ডত সৰ্বাধিক ক্ৰয় দেখা গৈছে। ইয়াৰ পূৰ্বে ৩০টা শ্বেয়াৰৰ ওপৰত ভিত্তি কৰি চেন্সেক্সে ৫৯ পইণ্ট বৃদ্ধিৰে ৭২ হাজাৰ স্তৰত মুকলি কৰিছিল। একে সময়তে নিফটিয়েও ৩৮ পইণ্ট বৃদ্ধিৰে ২১,৭৭৫ৰ স্তৰত ব্যৱসায় আৰম্ভ কৰে। ব্যৱসায়ৰ সময়ত চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২২টা ষ্টক বৃদ্ধি আৰু ৮টাত হ্ৰাস দেখা গৈছে। মন কৰিবলগীয়া যে ইয়াৰ এদিন পূৰ্বে চেন্সেক্সে ১২৪০ পইণ্টৰ জঁপিয়াই ৭১,৯৪১ পইণ্টৰ স্তৰত বন্ধ হৈছিল। একে সময়তে নিফটিয়েও ৩৮৫ পইণ্ট বৃদ্ধিৰে ২১,৭৩৭ পইণ্টৰ স্তৰত বন্ধ হৈছিল।
