নতুন দিল্লী, ২৬ জানুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত একেৰাহে ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব। ইয়াৰ লগে লগে তেওঁ দেশৰ দ্বিতীয়গৰাকী বিত্তমন্ত্ৰী হ’ব, যিয়ে একেৰাহে ৫খন সম্পূৰ্ণ বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব। এতিয়ালৈকে এই কৃতিত্ব প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ নামত লিপিবদ্ধ হৈ আছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰিব কেন্দ্ৰীয় অন্তৱৰ্তীকালীন বাজেট ২০২৪-২৫। অন্তৱৰ্তীকালীন বাজেটৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। হালৱা অনুষ্ঠানৰ পিছত ই চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। যোৱা তিনিটা সম্পূৰ্ণ কেন্দ্ৰীয় বাজেটৰ দৰে অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট ২০২৪ও কাগজবিহীন হ’ব। ১ ফেব্ৰুৱাৰীত সংসদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ সমাপ্ত হোৱাৰ পিছতে মোবাইল এপত বাজেটৰ নথি-পত্ৰ উপলব্ধ হ’ব।
১ ফেব্ৰুৱাৰীত সংসদত ২০২৪ চনৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ লগে লগে সীতাৰমণে এৰি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী, পি চিদাম্বৰম আৰু যশৱন্ত সিনহাৰ অভিলেখ। এই আটাইকেইজন নেতাই একেৰাহে পাঁচখন বাজেট দাখিল কৰিছিল। বিত্তমন্ত্ৰী হিচাপে মোৰাৰজী দেশাই ১৯৫৯-১৯৬৪ চনৰ ভিতৰত পাঁচখন বাৰ্ষিক বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল।
২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত অৰুণ জেটলীয়ে বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষলৈকে একেৰাহে পাঁচখন বাজেট দাখিল কৰে। ২০১৭-১৮ বিত্তীয় বৰ্ষত জেটলীয়ে ফেব্ৰুৱাৰী মাহৰ শেষ কৰ্মদিনৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত একেলগে ৰেলৱে আৰু সাধাৰণ বাজেট দাখিল কৰে। ইয়াৰ লগে লগে চৰকাৰে ২৮ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাৰ ঔপনিৱেশিক যুগৰ পৰম্পৰাৰ অন্ত পেলায়।
সীতাৰমণে আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিব, যিটো লেখানুদান হ’ব। ইয়াৰ ফলত এপ্ৰিল-মে’ত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পিছত নতুন চৰকাৰ অহালৈকে কেন্দ্রীয় চৰকাৰে কিছুমান বিশেষ বস্তুত ব্যয় কৰাৰ অধিকাৰ লাভ কৰিব ৷ আচলতে এইবাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত বিত্তমন্ত্ৰীৰ অন্তৱৰ্তীকালীন বাজেটত কোনো বৃহৎ নীতি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই।
