নতুন দিল্লী/আবুধাবি, ১৩ ফেব্ৰুৱাৰী: সংযুক্ত আৰব আমিৰশ্বাহীলৈ দুদিনীয়া ভ্ৰমণৰ বাবে আজি (মঙলবাৰ) উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ আবুধাবিত প্ৰথমটো হিন্দু মন্দিৰ ‘বোচাসন্বসী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা’ মন্দিৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আবুধাবিত ভাৰতীয় সমাজকো সম্বোধন কৰিব।
নতুন দিল্লীত বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকো সাক্ষাৎ কৰিব। ডুবাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চৰকাৰ সন্মিলন-২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
কোৱাট্ৰাৰ মতে, ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বৈঠকত পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। যোৱা আঠ মাহৰ ভিতৰত ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চমখন বৈঠক হ’ব।
আবুধাবিত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত জাৰি কৰা বিবৃতি অনুসৰি মোদীয়ে জায়েদ স্প’ৰ্টছ চিটি ষ্টেডিয়ামত ‘আহলান মোডী’ কাৰ্যসূচীত ভাষণ দিব। আয়োজকসকলে কয় যে ইউ এ ইৰ বতৰ বেয়া হোৱাৰ পিছতো ইয়াত বসবাস কৰা ভাৰতীয় সমাজৰ উৎসাহৰ কোনো হ্ৰাস হোৱা নাই। ধাৰাসাৰ বৰষুণৰ মাজতো ২৫০০ৰো অধিক লোকে সম্পূৰ্ণ মাটিৰ আখৰাত অংশগ্ৰহণ কৰে।
ভাৰতত থকা ইউ এ ইৰ ৰাষ্ট্ৰদূত আব্দুলনাছেৰ আলশালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউ এ ই ভ্ৰমণক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কৌশলগত সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে।
খালিজ টাইমছ কাকতত প্ৰকাশিত বাতৰি অনুসৰি, মঙলবাৰে সন্ধিয়া আবুধাবিৰ জায়েদ স্প’ৰ্টছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘আহলান মোডী’ অনুষ্ঠানৰ সময়ত ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় প্ৰবাসী সম্প্ৰদায়ৰ ৬০ হাজাৰৰো অধিক সদস্যক সম্বোধন কৰিব। ইভেণ্টৰ আয়োজকসকলে কয় যে ভাৰতীয় সমাজৰ “অতিশয় সঁহাৰি”ৰ বাবে পঞ্জীয়ন বন্ধ কৰা হৈছে।
বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে ডুবাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন ২০২৪ত অংশগ্ৰহণ কৰিব। এই সন্মিলনত তেওঁ মুখ্য ভাষণ প্ৰদান কৰিব।
