নতুন দিল্লী, ১৭ নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ ধাৰা অব্য়াহত আছে। যোৱা ২৪ ঘণ্টাত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮ ডলাৰলৈ হ্ৰাস পাইছে আৰু ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্যও প্ৰতি বেৰেলত ৭৪ ডলাৰ হৈছে। কিন্তু ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা, ডিজেলৰ ৮৯.৬২ টকা, মুম্বাইত পেট্ৰ’লৰ দাম ১০৬.৩১ টকা, ডিজেলৰ মূল্য ৯৪.২৭ টকা, কলকাতাত পেট্ৰ’লৰ দাম ১০৬.০৩ টকা, ডিজেলৰ মূল্য ৯২.৭৬ টকা, চেন্নাইৰ পেট্ৰ’লৰ দাম ১০২.৬৩ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৪.২৪ টকা।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সপ্তাহটোৰ পঞ্চম দিনা আৰম্ভণিৰ ব্যৱসায়ত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ০.১৫ ডলাৰ বা ০.১৯ শতাংশ বৃদ্ধিৰে ৭৭.৫৭ ডলাৰত ট্ৰেণ্ড হৈ আছে আৰু পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ০.১২ ডলাৰ বা ০.১৬ শতাংশ বৃদ্ধিৰ সৈতে ৭৩.০২ ডলাৰত ব্য়ৱসায় কৰি আছে।
