দিখৌমুখৰ খৰাধৰা গাঁওৰ এজন উদ্যমী যুৱক দিগন্ত বৰাই কৃষি খেত্ৰত এক নতুন দিশ দাঙি ধৰিছে। স্নাতক অধ্যয়নকালৰ পৰাই দিগন্তই চাকৰিৰ সপোন আঁতৰাই পিতৃৰ আদৰ্শক আঁকোৱালি লয় আৰু কৃষিকৰ্মত নিজকে নিযুক্ত কৰে। জৈৱিক কৃষি ব্যৱস্থাৰ প্ৰচলনেৰে তেওঁ স্থানীয় পৰ্যায়ত কৃষি বিপ্লৱৰ সূচনা কৰিছে।
BulletsIn
- দিগন্ত বৰা দিখৌমুখ খৰাধৰা গাঁৱৰ এজন শিক্ষিত যুৱক।
- স্নাতক অধ্যয়নকালৰ পৰাই চাকৰিমুখী নহৈ কৃষিকৰ্মলৈ আগবাঢ়ে।
- পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৃষিকৰ্মত মগ্ন হয়।
- ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে খেতি কৰে।
- দিখৌ নদীৰ পলসুৱা মাটিক সম্পূৰ্ণ ৰূপে ব্যৱহাৰ কৰে।
- জাতিলাও, টিয়হ, ৰঙালাও, ফ্ৰেন্সবিন, মূলা, ধনীয়া, আলু আদিৰ খেতি কৰে।
- মাহে লক্ষাধিক টকা উপাৰ্জনেৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে।
- স্থানীয় পৰ্যায়ত কৃষি বিপ্লৱৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে।
- শিক্ষিত যুৱকসকলৰ বাবে এক আদৰ্শ ৰূপে পৰিগণিত হৈছে।
- জৈৱিক কৃষি ব্যৱস্থা আৰু সৃষ্টিশীলতা দ্বাৰা কৃষিক্ষেত্ৰত নতুন দিশ দেখুৱাইছে।
