–দ্বিতীয় দীৰ্ঘ্তম টানেল নং. টি-০১ ৰ সাফল্য অৰ্জন
গুৱাহাটী, ফেব্ৰুৱাৰী : এক গুৰুত্বপূৰ্ণ পদক্ষেপেৰে পশ্চিম বংগৰ দাৰ্জিলিং জিলাত স্থিত চিভক–ৰংপো ৰে’লৱে প্ৰকল্পৰ (এছআৰআৰপি) টি-০১-সুৰংগ আ্যডিটত ২৭ ডিচেম্বৰ, ২০২৪ তাৰিখে এক বৃহৎ সফলতা অৰ্জন কৰে। এই সুৰংগৰ সফলতাৰ জৰিয়তে, এই প্ৰকল্পটোৰ আ্যডিট টানেলৰ খনন কাৰ্য সফলতাৰে সম্পূৰ্ণ কৰা হৈছে।
পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ কৰোনেচন সেতুৰ ওচৰত অৱস্থিত ৮৫৫ মিটাৰ দৈৰ্ঘ্যৰ এক নিষ্কাশন সুৰংগৰ সৈতে মুখ্য সুৰংগটি-০১-ৰ দৈৰ্ঘ্য ৪২২৪ মিটাৰ। মুখ্য সুৰংগটো হিমালয়ৰ কঠিন আৰু প্ৰত্যাহ্বানমূলক ভূতাত্ত্বিক আৰু ভূ-কম্পন স্থিতিৰ মাজেৰে অতিক্ৰম কৰে। এছআৰআৰপি-ৰ আন সকলো সুৰংগৰ দৰেই, ভূ-ভাগৰ ভৰৰ দুৰ্বলতা প্ৰতিহত কৰিবলৈ, ইয়াত শেহতীয়া আৰু আটাইতকৈ অত্যাধুনিক টানেলিং প্ৰযুক্তি, অৰ্থাৎ, ইয়াত নিউ অষ্ট্ৰিয়ান টানেলিং মেথড (এনএটিএম) ব্যৱহাৰ কৰা হৈছে।
চিভক (পশ্চিম বংগ) আৰু ৰংপো (ছিকিম)ক সংযোগ কৰা চিভক – ৰংপো নতুন ৰে’ল সংযোগ প্ৰকল্পটো প্ৰায় ৪৫ কিলোমিটাৰ দীঘল আৰু ইয়াৰ বিশেষত্ব হৈছে ইয়াত ১৪ টা সুৰঙ্গ,১৩ খন বৃহৎ সেতু, ০৯ খন সৰু সেতু আৰু ৫টা ষ্টেচন অন্তৰ্ভূক্ত আছে। আটাইতকৈ দীঘল সুৰংগৰ (টি-১০)দৈৰ্ঘ্য ৫.৩কিমি আৰু দীঘল সেতুখনৰ(ব্ৰীজ-১৭) দৈৰ্ঘ্য ৪২৫ মিটাৰ। সমগ্ৰ প্ৰকল্পটোৰ সংৰক্ষণৰ প্ৰায় ৩৮.৬৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে অতিক্ৰম কৰিছে। ৯১.৫৯% সুৰংগৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
বৰ্তমান সুৰংগ টি-১৪ আৰুটি-০৯ ৰ চূড়ান্ত লাইনিঙৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু সুৰংগ টি-০২, টি-০৩, টি-০৫,টি-০৬, টি-০৭, টি-১০, টি-১১আৰু টি-১২ ত এই কাৰ্য বৰ্তমানলৈকে চলি আছে। আজিলৈকে মুঠ ১০.৮৯ কিলোমিটাৰ লাইনিং সম্পূৰ্ণ হৈছে। সমগ্ৰ খণ্ডত দিনে নিশাই চব্বিশ ঘণ্টাই কাম চলি হৈছে। ভাৰতবৰ্ষত চলি থকা ৰাষ্ট্ৰীয় প্ৰকল্পসমূহৰ ভিতৰত এইটো এক অন্যতম মৰ্য্যদাপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্প আৰু এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰথমবাৰৰ বাবে ছিকিম ৰাজ্যখন ৰে’লপথৰ জৰিয়তে সংযোগ কৰা হ’ব।
এই ৰে’ল নেটৱৰ্ক সম্পূৰ্ণ কৰাৰ জৰিয়তে ছিকিম ৰাজ্যক বিকল্প ৰে’ল সংযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰ্তমান প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ সুৰংগ, দলং আৰু ষ্টেচন য়াৰ্ড নিৰ্মাণ সম্পৰ্কীয় সকলো কামকাজ যুদ্ধকালীনতৎপৰতাৰে চলি আছে।
