–প্ৰধানমন্ত্ৰীৰ দ্বাৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৫৫৩ টা ষ্টেচনৰ আধাৰশিলা স্থাপন
– ১৫০০ৰোড অভাৰ ব্ৰীজ/আণ্ডাৰপাছৰ আধাৰশিলা স্থাপন
গুৱাহাটী, ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৪১০০০ কোটি টকাতকৈয়ো অধিক মূল্যৰ প্ৰায় ২০০০ টা ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰায় ৫০০ টা ৰে’লৱে ষ্টেচন আৰু ১৫০০অন্যান্য স্থানৰ লাখ লাখ লোকে বিকশিত ভাৰত বিকশিত ৰেলৱে অনুষ্ঠানটোৰ সৈতে জড়িত হৈ দেশৰ আটাইতকৈ সুলভ আৰু বহুলভাৱে ব্যৱহৃত পৰিবহন পদ্ধতি অৰ্থাৎ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনৰ ৰে’লৱেৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সাক্ষী হৈ ৰয়।
আজি অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৫৫৩ টা ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰা হৈছে যিসমূহ বিমানবন্দৰৰ দৰে অত্যাধুনিক সা-সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হ’ব যাতে এই ৰে’ল ষ্টেচনসমূহ দৰিদ্ৰ আৰু মধ্যবিত্ত উভয় যাত্ৰীৰ বাবে উপলব্ধ কৰিব পৰা যায়। যিহেতু ৰে’লৱে নাগৰিকসকলৰ বাবে সুগম ভ্ৰমণৰ ক্ষেত্ৰত এক মুখ্য আধাৰ হৈ পৰিছে, ভিৰ হ্ৰাস, সুৰক্ষা আৰু সংযোগ বৃদ্ধি, ক্ষমতা উন্নত কৰা আৰু ৰে’ল ভ্ৰমণৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ১৫০০ৰো অধিক ৰোড অভাৰ ব্ৰীজ আৰু আণ্ডাৰপাছ প্ৰকল্প স্থাপন কৰা হয়। উত্তৰ প্ৰদেশৰ গোমতী নগৰ ৰে’ল ষ্টেচন প্ৰকল্পটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে, যি অভূতপূৰ্ব গতিবেগ আৰু কৰ্ম সংস্কৃতিৰ প্ৰতীক, নতুন যুগৰ ভাৰতে সেইটোও বিশ্বমানৰ মানদণ্ডৰ পৰ্যায়ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে আগন্তুক অমৃত ভাৰত ষ্টেচনসমূহ বিকাশ আৰু বিৰাসত দুয়োৰে প্ৰতীক হ’ব। যোৱা ১০ বছৰত এক বিকশিত ভাৰত সৃষ্টি কৰাটো বিশেষকৈ ৰেলৱেত স্পষ্ট হৈ পৰিছে। সেয়েহে, এবাৰতে ২০০০টা প্ৰকল্প আৰম্ভ হোৱাৰ সৈতে, ভাৰতে ইয়াৰ ৰে’ল আন্তঃগাঁথনিৰ এক বৃহৎ পৰিৱৰ্তন উপস্থাপন কৰিবলৈ সাজু হৈছে।
৫৫৩ টা ৰে’ল ষ্টেচনৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেত প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ যাত্ৰীসকলৰ বাবে ৰে’ল ষ্টেচনত বিশ্বমানৰ সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আজি প্ৰায় ৬৮৫.৩২ কোটি টকা ব্যয়েৰে ২৩ টা ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰে। এই ২৩টা ষ্টেচনৰ ভিতৰত, ১১টা ষ্টেচন অসমৰহয়বৰগাঁও, গহপুৰ, হাৰমতী, মাজবাট, পাঠশালা, টংলা, ওদালগুড়ী, বিশ্বনাথ চাৰিআলি, মুৰকংচেলেক, নৰ্থ লখিমপুৰ আৰু চিলাপথাৰ, বিহাৰৰ ০৩টা অৰ্থাৎ আৰাৰিয়া কোৰ্ট, লাভা, সালমাৰি, পশ্চিম বংগৰ ০৬টা অৰ্থাৎ বালুৰঘাট, ভালুকা ৰোড, হৰিশ্চন্দ্ৰপুৰ, কুমেদপুৰ জংচন,মালদা কোৰ্ট আৰু শিলিগুড়ী জংচন ষ্টেচন,মিজোৰাম,ছিকিম আৰু ত্ৰিপুৰাৰ ৰাজ্যৰ পৰা ক্ৰমে চাইৰাং, ৰংপো আৰু আগৰতলা-০৩টা ষ্টেচন অন্তৰ্ভূক্ত আছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত আনুমানিক ১১১.৪৯ কোটি টকা ব্যয়েৰে ০৫ খন ৰোড আণ্ডাৰ পাছ, ০২ খন ৰোড অভাৰ ব্ৰীজৰ আধাৰশিলাও স্থাপন কৰে আৰু এটা আণ্ডাৰ পাছ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। আণ্ডাৰ পাছৰ নিৰ্মাণ বিভিন্ন স্থানত কৰা হ’ব যেনে বৰগাঁও ৰোড, তাহুৰা, ননকে বঙালী আৰু ধেমাজি বাৰীত দুখন। লগতে, বিহাৰ ৰাজ্যৰ বেলাউৰী আৰু দৈচান গেটত ০২খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হ’ব। লগতে, ২০৪৭ চনৰ বাবে নিৰ্ধাৰিত উন্নত ৰাষ্ট্ৰ আৰু উন্নত ৰে’লৱে বিষয়ৰ অধীনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত ১০০০ ৰো অধিক বিদ্যালয় শিক্ষাৰ্থীক পুৰস্কৃত কৰা হয়।
ভাৰতীয় ৰে’লৱে কেৱল যাত্ৰীৰ বাবে পৰিবহনৰ এক মাধ্যম নহয়, লগতে দেশৰ কৃষি আৰু ঔদ্যোগিক প্ৰগতিৰ বাবে আটাইতকৈ ডাঙৰ মালপৰিবাহী বাহক। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে নতুন অঞ্চললৈ নতুন দ্বৈত ৰেলপথ স্থাপন আৰু ৰে’ল যোগাযোগ স্থাপন কৰাৰ গতিবেগ দুগুণ কৰা আৰু ২,৫০০ কিলোমিটাৰ সমৰ্পিত ফ্ৰেইট কৰিডৰত কাম কৰাটো দেশৰ ভিতৰত কৰ্মসংস্থান আৰু অৰ্থনৈতিক সংযোগ গঢ়ি তোলাৰ দিশত এক অতিৰিক্ত প্ৰেৰণা হ’ব। আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা প্ৰতিটো টকাই উপাৰ্জনৰ নতুন উৎস আৰু নতুন নিযুক্তি সৃষ্টি কৰিব।
