নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত দেশৰ সৰ্ববৃহৎ টেলিকম উদ্যোগৰ অনুষ্ঠান ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৩’ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰিব। ভাৰতীয় দূৰসংযোগ বিভাগ আৰু চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যনৰ যৌথ উদ্যোগত তিনিদিনীয়া এই অনুষ্ঠান।
বুধবাৰে দূৰসংযোগ বিভাগে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰকাশ কৰা অনুসৰি অহা ২৭ অক্টোবৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ’ ২০২৩ উদ্বোধন কৰিব। ২৯ অক্টোবৰত সামৰণি পৰিব এই তিনিদিনীয়া কাৰ্যসূচী। এইবাৰ এই অনুষ্ঠানত এক লাখৰো অধিক অংশগ্ৰহণকাৰী, ১৩০০ৰো অধিক প্ৰতিনিধি, ৪০০ৰো অধিক বক্তা, ২২৫ জনতকৈ অধিক প্ৰদৰ্শক আৰু ৪০০ ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। সামগ্ৰিকভাৱে ৩১খন দেশৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব।
ইয়াৰ উপৰিও এইবাৰ ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ’ত এটা ষ্টাৰ্টআপ প্ৰগ্ৰেম ‘এস্পাইৰ’ উপস্থাপন কৰা হ’ব। ইয়াৰ অধীনত টেলিকমিউনিকেচন আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মত যুৱ বিনিয়োগকাৰী আৰু উদ্যোগ প্ৰতিনিধিৰ মাজত উদ্যোগীকৰণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
