
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে শুকুৰবাৰে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত সৃষ্টিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়।
নয়দাৰ শ্ৰীৰাম মিলেনিয়াম স্কুলত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ সংহতি আন্দোলনৰ উদ্বোধনী অধিবেশনত ভাষণ দিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পীয়ুষ গোৱেলে যুৱক-যুৱতীসকলক ভাৰতৰ ভৱিষ্যতৰ দায়িত্ব ল’বলৈ আহ্বান জনাই কয় যে তেওঁলোক কাইলৈৰ ভাৰতৰ পৰিবৰ্তনকৰ্তা আৰু প্ৰেৰণাদায়ক হ’ব লাগে। তেওঁ কয় যে সামূহিক সংকল্পৰে আমি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আমাৰ ৰাষ্ট্ৰখনক নতুন উচ্চতালৈ লৈ যাব পাৰো।
গোৱেলে আলোকপাত কৰে যে ভাৰত এক বৃহৎ পৰিৱৰ্তনৰ মুখত থিয় দিছে। ২০২২ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ কথা স্মৰণ কৰি তেওঁ কয় যে অমৃত কালৰ ২৫ বছৰীয়া সময়ছোৱাই ২০৪৭ চনত ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী পালন কৰিব। গোৱেলে কয় যে এই প্ৰতিশ্ৰুতি তেতিয়াহে বাস্তৱায়িত হ’ব পাৰে যেতিয়া আমি বাকী চাৰিটা প্ৰতিশ্ৰুতি সমান গুৰুত্বসহকাৰে গ্ৰহণ কৰো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
