নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ কৰ্তনৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপৰ মূল্যবৃদ্ধি ঘৰুৱা অলংকাৰ বজাৰতো প্ৰতিফলিত হৈছে। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্য আজিও বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ১,৪৭০ টকাৰ পৰা ১,৬০০ টকাৰ ভিতৰত বৃদ্ধি পাইছে। একেদৰে ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১২০০ টকা বৃদ্ধি পাইছে ।
সোণ আৰু ৰূপৰ এই মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,২২,৪১০ টকাৰ পৰা ১,২২,৫৬০ টকাৰ ভিতৰত চলে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১২,২১০ টকাৰ পৰা ১,১২,৩৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫২,১০০ টকাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্যপ্ৰতি ১০ গ্ৰামত ১,২২,৫৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১২,৩৬০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২২,৪১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১২,২১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২২,৪৬০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,১২,২৬০ টকা।
हिन्दुस्थान समाचार / অৰৱিন্দ
