নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ শুল্ক সত্ত্বেও শক্তিশালী অৰ্থনীতি আৰু শক্তিশালী বহিঃস্থিতিৰ উল্লেখ কৰি গ্ল’বেল ৰেটিং এজেন্সী মুডীজে ভাৰতৰ বিএএ৩ (Baa3) ৰেটিং সুস্থিৰ দৃষ্টিভংগীৰে বজাই ৰাখিছে। ৰেটিং এজেন্সীয়ে ভাৰতৰ অন্যান্য হ্ৰস্বম্যাদী স্থানীয় মুদ্ৰাৰ ৰেটিঙো পি-৩ত ৰাখিছে।
সোমবাৰে প্ৰকাশ পোৱা আউটলুকত মুডীজ ৰেটিঙে ভাৰতৰ দীৰ্ঘম্যাদী স্থানীয় আৰু বিদেশী মুদ্ৰা ইছ্যুকাৰীৰ ৰেটিং আৰু স্থানীয় মুদ্ৰাৰ চিনিয়ৰ অসুৰক্ষিত ৰেটিং বিএএ৩ ত বজাই ৰাখিছে। এটা টোকাত মুডীয়ে কয় যে, “ৰেটিংৰ দৃঢ়তা আৰু সুস্থিৰ দৃষ্টিভংগীয়ে আমাৰ মতামত প্ৰতিফলিত কৰে যে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি, শক্তিশালী বাহ্যিক অৱস্থান, আৰু বৰ্তমানৰ বিত্তীয় ঘাটিৰ বাবে সুস্থিৰ ঘৰুৱা বিত্তীয় ভিত্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বৰ্তমানৰ ঋণৰ ক্ষমতা থাকিব।”
এক বিবৃতিত মুডীজে কয় যে ভাৰতৰ বাবে সুস্থিৰ দৃষ্টিভংগীৰ কাৰণ হৈছে দেশৰ বিত্তীয় মানদণ্ড উন্নত হোৱা আৰু সমনীয়াৰ তুলনাত শক্তিশালী সম্ভাৱনা। কিন্তু মুডীয়ে লক্ষ্য কৰিছে যে অনিশ্চিত বিশ্ব অৰ্থনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ সম্পৰ্কীয় কিছুমান বিপদ আছে যিয়ে বিত্তীয় সামঞ্জস্য আৰু ঋণ হ্ৰাসত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পূৰ্বে ১৪ আগষ্টত এছ এণ্ড পি গ্ল’বেল ৰেটিঙে ভাৰতৰ ক্ৰেডিট ৰেটিং ‘বিবিবি-’ৰ পৰা ‘বিবিবি’লৈ এক স্তৰ উন্নীত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
