নতুন দিল্লী, ২৯ জুলাই (হি.স.)। চিভিল ইঞ্জিনিয়াৰিং কনচালটেন্সি ফাৰ্ম মনাৰ্ক চাৰ্ভেয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনচালটেণ্টছৰ শ্বেয়াৰে আজি শক্তিশালী প্ৰদৰ্শনেৰে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক সুখী কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ২৫০ টকাত জাৰি কৰা হৈছিল। আজি বি এছ ইৰ এছ এম ই প্লেটফৰ্মত ৬৮.৫০ শতাংশ প্ৰিমিয়ামৰ সৈতে ৪২১.২৫ টকাত তালিকাভুক্ত হয়। কিন্তু তালিকাভুক্ত হোৱাৰ কিছু সময়ৰ পাছতে বিক্ৰীৰ চাপৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ হ্ৰাস পায়। পুৱা ১০.৩০ বজালৈকে ব্যৱসায় কৰাৰ পিছতো কোম্পানীটোৰ শ্বেয়াৰ ৪০৭ টকাৰ স্তৰত উপনীত হৈছিল।এইদৰে এতিয়ালৈকে ব্যৱসায়ত কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীৰ লাভ ৬২.৮০ শতাংশ স্তৰলৈ নামি আহিছে।
২২ৰ পৰা ২৪ জুলাইৰ ভিতৰত মনাৰ্ক চাৰ্ভেয়ৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনচালটেণ্টছৰ ৯৩.৭৫ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল।এই আইপিঅ’ই বিনিয়োগকাৰীৰ পৰা অতিশয় সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ২৫০.৬৫ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ১৭৯.০১ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৩১৭.০৫ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ২৬৩.০১ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১০ টকাৰ মুদ্ৰা মূল্যৰ ৩৭.৫০ লাখ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নতুন যন্ত্ৰপাতি ক্ৰয় কৰিবলৈ, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
প্ৰস্পেক্টচত দাবী কৰা ধৰণে কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ ৮.৫৯ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৩০.০১ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ৩৪.৮৩ কোটি টকালৈ জপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহও ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল। ২০২২-২৩ চনত কোম্পানীটোৱে ১১.৬৮ কোটি টকাৰ ৰাজহ লাভ কৰিছিল, যিটো ২০২৩-২৪ চনত ৪২.৭৮ কোটি টকালৈ বৃদ্ধি পাইছিল আৰু ২০২৪-২৫ চনত ৫১.১০ কোটি টকালৈ জপিয়াই পৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
