নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। সুগন্ধি ৰাসায়নিক আৰু মূল্য সংযোজিত ডেৰাইভেটিভ নিৰ্মাণ কৰা কোম্পানী জেম এৰ’মেটিক্সৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত সমতলভাৱে প্ৰৱেশ কৰাৰ পিছত ক্ৰয়ৰ সমৰ্থনত শক্তি প্ৰদৰ্শন কৰি আই পি অ’ বিনিয়োগকাৰীসকলক সুখী কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৩২৫ টকা। আজি ইয়াৰ বিএছইত তালিকাভুক্তকৰণ কোনো পৰিৱৰ্তন নকৰাকৈ ৩২৫ টকাৰ স্তৰত আৰু এনএছইত ইয়াৰ তালিকাভুক্তকৰণ ৩৩৩.১০ টকাৰ স্তৰত সামান্য বৃদ্ধিৰে কৰা হয়। তালিকাভুক্ত হোৱাৰ পিছত ক্ৰয় আৰম্ভ হোৱাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পায়। পুৱা ১১ বজাত জেম এৰোমেটিক্সৰ শ্বেয়াৰ ৩৪২.৯৫ টকাৰ স্তৰত ব্যৱসায় হৈছিল। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীয়ে এই পৰ্যন্ত ব্যৱসায়ত ৬.৬৫ শতাংশ লাভ কৰিছে।
জেম এৰোমেটিক্সৰ ৪৫১.২৫ কোটি টকাৰ আই পি অ’ ১৯ৰ পৰা ২১ আগষ্টৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল।এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৩০.৪৫ গুণ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ৫৩.৭৬ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৪৫.৯৬ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ১০.৪৯ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১৭৫ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ড’ৰ জৰিয়তে ২ টকাৰ মুদ্ৰা মূল্যৰ ৮৫ লাখ শ্বেয়াৰ বিক্ৰী কৰা হৈছে। আই পি অ’ৰ জৰিয়তে নতুন শ্বেয়াৰ বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নিজৰ সহযোগী কোম্পানী ক্রিষ্টাল ইংগ্ৰেডিয়েণ্টছৰ ঋণ হ্ৰাস, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ আছিল ৪৪.৬৭ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৫০.১০ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ৫৩.৩৮ কোটি টকালৈ জপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ৯ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৫০৫.৬৪ কোটি টকা হৈছে৷ কিন্তু এই সময়ছোৱাত কোম্পানীটোৰ ঋণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণ আছিল ৮৯.৩৬ কোটি টকা, যিটো ২০২৪ বিত্তীয় বৰ্ষৰ শেষত ১১১.১৩ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষত ২২২.৩৭ কোটি টকালৈ জঁপিয়াই পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
