নতুন দিল্লী, ০৮ ডিচেম্বৰ (হি.স.)। মূলধনৰ বহিঃপ্ৰবাহ অব্যাহত থকাৰ মাজতে সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন সোমবাৰে শ্বেয়াৰ বজাৰখন ৰঙা ৰঙেৰে মুকলি হয়। দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিয়ে ৰঙা চিহ্নত ব্যৱসায় কৰি আছে।
বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ১৩৬.৭৩ পইণ্ট বা ০.১৬ শতাংশ হ্ৰাস পাই ৮৫,৫৭৫.৬৪ পইণ্টত আছে। নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিৰ মূল্যও ৪৭.৯৫ পইণ্ট বা ০.১৮ শতাংশ হ্ৰাস পাই ২৬,১৩৮.৫০ পইণ্টত আছে।
৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত ১১টা সেউজীয়া ৰঙৰ, আনহাতে ১৯টা হেঁচাত পৰিছে, যিয়ে বজাৰৰ মিশ্ৰিত আৱেগৰ ইংগিত দিয়ে আৰু বিনিয়োগকাৰীসকলে সতৰ্ক স্থিতি গ্ৰহণ কৰিছে। ইফালে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ৯০.০৭ ত ব্যৱসায় কৰা হৈছে, যিটো আৰম্ভণিৰ ব্যৱসায়ত ১২ পইচা হ্ৰাস পাইছে।
মন কৰিবলগীয়া যে সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শনিবাৰে ৩০ শ্বেয়াৰৰ বিএছই চেন্সেক্স ৪৪৭.০৫ পইণ্ট বা ০.৫২% বৃদ্ধি পাই ৮৫,৭১২.৩৭ত বন্ধ হয়। ৫০ শ্বেয়াৰৰ এন এছ ই নিফটি ১৫২.৭০ পইণ্ট বা ০.৫৯% বৃদ্ধি পাই ২৬,১৮৬.৪৫ পইণ্টত বন্ধ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
