নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে ইতিবাচক ৰূপত মুকলি হয় শ্বেয়াৰ বজাৰ। যোৱা কালি বৃহস্পতিবাৰে অভিলেখ সৃষ্টি কৰাৰ পাছত সতৰ্কতাৰে আগবাঢ়িছে বজাৰখন। আৰম্ভণিৰ ব্যৱসায়ত ৩০ শ্বেয়াৰৰ চেন্সেক্স ৪৮.১৯ পইণ্ট বৃদ্ধি পাই ৮৫,৭৬৮.৫৭ পইণ্ট হয়। ইফালে ৫০ শ্বেয়াৰৰ নিফটিৰ শ্বেয়াৰ ১২.৮০ পইণ্ট বৃদ্ধি পাই ২৬,২২৮.৩৫ পইণ্ট হয়।
বৰ্তমান বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) চেন্সেক্সৰ মূল্য ১৯৯.৬২ পইণ্ট বা ০.২৩% বৃদ্ধি পাই ৮৫,৯২০.০১ পইন্ট হয়গৈ । ইফালে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ৪৭.৫৫ পইণ্ট বা ০.১৮% বৃদ্ধি পাই ২৬,২৬৩.১০ৰ স্তৰত ব্যৱসায় কৰে।
মন কৰিবলগীয়া যে ইয়াৰ এদিন পূৰ্বে বিএছইৰ ৩০ শ্বেয়াৰৰ চেন্সেক্স ১১০.৮৮ পইণ্ট বা ০.১৩ শতাংশ জঁপিয়াই ৮৫,৭২০.৩৮ পইণ্টত বন্ধ হয়। এন এছ ই নিফটিৰ মূল্যও ১০.২৫ পইণ্ট বা ০.০৩৯ শতাংশ সামান্য বৃদ্ধিৰে ২৬,২১৫.৫৫ত বন্ধ হয় ।
हिन्दुस्थान समाचार / অৰৱিন্দ
