নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ আগতে বিনিয়োগকাৰীসকল সতৰ্ক হৈ পৰিছে। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে পুৱা আগতীয়াকৈ ব্যৱসায়ত চেনচেক্স আৰু নিফটিৰ স্থিতি ভোট গণনা হোৱাৰ লগে লগে ৰঙা ৰঙত দেখা গৈছিল। বজাৰৰ নিম্নগামী ধাৰা অব্যাহত আছে।
বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ২৪০.৬১ পইণ্ট বা ০.২৮ শতাংশ হ্ৰাস পাই ৮৪,২৩৮.০৬ পইণ্টত উপনীত হয়। একেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ১০৬.৪০ পইণ্ট বা ০.৪১ শতাংশ হ্ৰাস পাই ২৫,৭৭২.৭৫ পইণ্টত উপনীত হয়।
ষ্টক মাৰ্কেটৰ বিশেষজ্ঞসকলে কয় যে নিৰ্বাচনৰ ফলাফলত স্পষ্টতা প্ৰকাশ পোৱাৰ লগে লগে বজাৰৰ ধাৰা সলনি হ’ব। ফলাফল ঘোষণা হোৱাৰ পিছতহে বজাৰখনে স্পষ্ট দিশ দেখুৱাব; বৰ্তমানৰ ধাৰাটোৰ ওপৰত ভিত্তি কৰি বিনিয়োগকাৰীসকলে সাৱধানতা অৱলম্বন কৰিছে।
উল্লেখযোগ্য যে এদিন পূৰ্বে অস্থিৰ ব্যৱসায়ৰ মাজতে বিএছই চেন্সেক্সৰ মূল্য ১২.১৬ পইণ্ট বা ০.০১৪ শতাংশৰ প্ৰান্তীয় বৃদ্ধিৰে ৮৪,৪৭৮.৬৭ত বন্ধ হৈছিল। একেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ৩.৩৫ পইণ্ট বা ০.০১৩ শতাংশ বৃদ্ধি পাই ২৫,৮৭৯.১৫ পইণ্টত বন্ধ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
