নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত প্ৰেৰণ কৰিছে। পূৰ্বৰ অধিবেশনত মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰসমূহ। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰত লাভৰ সৈতে ব্যৱসায় চলি আছে। ইউৰোপৰ বজাৰসমূহতো পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। একেদৰে এছিয়াৰ বজাৰতো আজি মিশ্ৰিত ব্যৱসায় চলি আছে।
আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে (ইউ এছ ফেড) সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰাৰ পিছত পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। আমেৰিকাৰ ফেডৰ সিদ্ধান্তৰ পিছতে ডাউ জ’নে ২৬০ পইণ্ট জপিয়াই পৰাত সক্ষম হয়। আনহাতে, এছ এণ্ড পি ৫০০ সূচকাংকই পূৰ্বৰ অধিবেশনত ৬৬০০.৩৫ পইণ্টত ০.১০ শতাংশ হ্ৰাস কৰি শেষ কৰিছিল। একেদৰে নাছডাক ০.৩৩ শতাংশ হ্ৰাস পাই ২২,২৬১.৩৩ পইণ্টত বন্ধ হয়। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ৪৬,১৬৫.৩১ পইণ্টত, যিটো ১৪৬.৯৯ পইণ্ট বা ০.৩২ শতাংশ বৃদ্ধি পাইছে।
পূৰ্বৰ অধিবেশনত উঠা-নমাৰ সন্মুখীন হোৱাৰ পিছত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। এফ টি এছ ই সূচকাংক ০.১৪ শতাংশ বৃদ্ধিৰে ৯,২০৮.৩৭ পইণ্টত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংক ০.১৩ শতাংশ বৃদ্ধিৰে ২৩,৩৫৯.১৮ পইণ্টত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.৪০ শতাংশ হ্ৰাস পাই ৭,৭৮৬.৯৮ পইণ্টত বন্ধ হয়।
এছিয়াৰ বজাৰসমূহতো আজি মিশ্ৰিত ব্যৱসায়ৰ সন্মুখীন হৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত পাঁচখন সূচকাংকই সেউজীয়া ৰঙত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে চাৰিটা সূচকাংকই ৰঙা ৰঙৰ ব্যৱসায় কৰি আছে। এছ এণ্ড পি কম্পোজিট ইনডেক্স ০.৬৪ শতাংশ হ্ৰাস পাই ১২৯৮.২৯ পইণ্টত ব্যৱসায় কৰা হৈছে। তদুপৰি হেং চেং সূচকাংক ০.১৫ শতাংশ হ্ৰাস পাই ২৬,৮৬৭ পইণ্ট, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.০৫ শতাংশ হ্ৰাস পাই ৪,৩২১.৫৬ পইণ্ট আৰু জাকাৰ্টা কম্পোজিট সূচকাংক ০.০৩ শতাংশ হ্ৰাস পাই ৮,০২৩.০৪ পইণ্টত উপনীত হৈছে।
আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.৩৪ শতাংশ বৃদ্ধিৰে ২৫,৪৯৯.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে চাংহাই কম্পোজিট ইনডেক্স ০.৪৫ শতাংশ বৃদ্ধি পাই ৩,৮৯৩.৯৫ পইণ্টত উপনীত হৈছে। আজি নিক্কেই সূচকাংকত যথেষ্ট জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৬২৮.৫৬২ পইণ্ট বা ১.৪০ শতাংশ জপিয়াই ৪৫,৪১৯ পইণ্টত উপনীত হৈছে। একেদৰে কস্পি সূচকাংক ১.১৭ শতাংশ বৃদ্ধিৰে ৩,৪৫৩.২৫ পইণ্টত আৰু টাইৱান ওজনযুক্ত সূচকাংক ২৫৯.২৯ পইণ্ট বা ১.০২ শতাংশ বৃদ্ধিৰে ২৫,৬৯৭.৫৪ পইণ্টত ব্যৱসায় কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
